পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সহস্রনামা ত্রিদশৰ ভকতিত তুষ্ট ভৈলা হৰি। আগতে দিলন্ত দেখা দিব্য মুর্তি ধৰি। পৰম মধুৰ ৰূপ কোটি চন্দ্র সম। মুখে মৃদু হাস জগতৰে মনােম ॥ ৫৭ চতুভুজ শঙ্খ-চক্র-গদা-পদ্ম-পাণি। দেৱক সম্বুধি হেন বুলিলন্ত বাণী । তুষ্ট ভৈলাে আমি কৰিবােহহা উপকাৰ। আপুনি মনুষ্য হুয়া হৈবাে অৱতাৰ ॥ ৫৮ তােমৰাসৱক পূজা কৰিবাে বিশেষ। তেৱেসে পূজিবে নৰে পায়া উপদেশ । দেৱক যজিবাে যজ্ঞ কৰিবাে বহুত। তেৱে মােৰ নাম-ধৰ্ম্ম হৈবেক গুপুত। ৫৯ এহি বুলি ত্রিদশক ভকত-বৎসলে। বহুবিধ ৰূপ ভৈলা পৃথিৱী-মণ্ডলে। ৰঘু-কুলে ৰামচন্দ্র ভৈলা অৱতাৰ। যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ । ৬০ শ্রাদ্ধে পিতৃগণৰ কৰিলা মনতােষ। ব্রাহ্মণকে দান দিয়া কৰিলা সন্তোষ। দ্বাপ-যুগত যদুকুলে অৱতৰি। কৃষ্ণ ৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰি ॥ ৬১