পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫৪
[খণ্ড ২৪
কীৰ্ত্তন-ঘোষা

দেৱ ব্ৰাহ্মণক পূজা কৰিলা অশেষ।
সকল জগতে লৈল কৃষ্ণ-উপদেশ॥
কৃষ্ণৰ প্ৰসাদে ভৈল দেৱৰ সম্পতি।
বোলা হৰি হৰি আৱে হোক সদগতি॥ ৬২


ষষ্ঠ কীৰ্ত্তন

ঘোষা॥ ভাই ৰাম নাম জপ ভাই ৰাম নাম জপ
 আহাৰ সমান নুহি মন্ত্ৰ তন্ত্ৰ জপ’॥ ৬

পদ॥ শুনিয়ো পাৰ্ব্বতী মঞি পূজিলো হৰিক।
 মনে হেন হৈবে সাধো কৃষ্ণতো অধিক॥
 বহুবিধ ভকতি কৰিলো বাহিৰত।
 সদায়ে নুগুচে মোৰ কপট চিত্তত॥ ৬৩
 কহিলো পাৰ্ব্বতী হৃদয়ৰ কথা ভাঙ্গি।
 নুগুচিল অহঙ্কাৰ মাধৱক লাগি॥
 যদ্যপি কৰিলো মই কপট ভকতি।
 তথাপিতো তুষ্ট ভৈলা ত্ৰিজগত-পতি॥ ৬৪
 কিনো দয়াময় প্ৰভু ভকত-বৎসল।
 কপট সেৱাতে মোক কৰিলা কুশল॥
 দিব্যৰূপে দেখা মোক দিলন্ত মাধৱে।
 চাহিলো নয়ন ভৰি পৰম উৎসৱে॥ ৬৫