পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সহ-নাৰ-বৃত্তান্ত তৃতীয় কীর্তন ঘােষ ॥ হৰি গােৱিন্দ অৰৱিন্দ-লােচন বাম। মােৰ মুখে নছড়ােক ৰামকৃষ্ণ-নাম। ৩ পদ ॥ আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ সভাত। বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ তাত । পিতৃ-মুখে বেদৰ আছিলা অর্থ শুনি। পাছে পৃথিৱীক লাগি আসিলন্ত মুনি। ২৩ বিষ্ণুত ভকত ঋষি বিষ্ণুতেসে ধ্যান। সদায়ে বিষ্ণুত পৰে ভাষন্ত আন৷ হাতে বীণা ধৰি মাধৱৰ গুণ গান্ত। মাধৱৰ গুণ-নাম লােকত শুনা ॥ ২৪ ফুৰন্ত পৱিত্ৰ কৰি তিনিও লােকক। অনন্তৰে চলি গৈলা ঋষি-সমাজক। নৈমিযাৰণ্যত আছে ঋষিৰ সমাজ। বঙ্গে তৈত প্রবেশ ভৈলন্ত ঋষিৰাজ । ২৫ দেখিলা ব্রাহ্মণ সৱে নাৰদ আসি। গাৰ চালি আসন আনিয়া তাঙ্ক দিলা। অতিশয় হৰিষে কৰিয়া নমস্কাৰ। হেন প্রশ্ন কৰিলন্তু জগততে সাৰ। ২৬ পা ২৩ | অর্থ তাত-সাৰ তত্ত্ব।