পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষা [ এও ২৪ বিনা দান ব্রত যজ্ঞ তীর্থকো নাচৰি। সমস্তে পাতক তবে কোন কৰ্ম্ম কৰি৷ মুখে পুৰুষৰ কেনমতে হােৱে গতি। কহিয়াে ৰহস্য-কথা আমাত সম্প্রতি ॥ ২৭ আৰৰ এক প্রশ্ন আমি কৰিব তােত। কিহেতু শঙ্কৰে তপ কৰম্ভ সাক্ষাত ৷ আপুনি ঈশ্বৰ তিনি জগততে সাৰ । তান কাক চিস্তিবাক আছে অধিকাৰ । ২৮ মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে। কহিয়ােক গুৰু আক শুনাে ৰঙ্গ মনে। হেন শুনি নাৰদৰ মনে ৰঙ্গ ভৈলা। পৰম ৰহস্য কথা কহিবাক লৈলা । ২৯ ভাল কথা তুমিসৱে পুছিলা সাম্প্রত। এহি কথা পাৰ্বতী পুছিলা শঙ্কত ! যােগ-ধ্যানে শঙ্কৰ আছম্ভ কৈলাসত। দেখিল পার্বতী শিৱৰ ঘােৰ ব্ৰত ॥ ৩০ নাহিকে বসন গাৱে দিশ পৰিধান। ভস্ম-ধুলা সকলে অঙ্গৰ ভৈল ম্লান। শিৰে অতি প্রকট বিকট জটা-ভাৰ। গাৱে সর্পগণ দেখিবাক চমৎকাৰ । ৩১