পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


cot কীৰ্ত্তন ১৮] শ্রীকৃষ্ণৰ বৈকু-প্রয়াণ উত্তৰ-গর্ভে ভৈলা উতপতি। পৰীক্ষিত পাণ্ডু-বংশ-সন্ততি । ২১৩ দ্রৌণিৰ অস্ত্রে দহিলেক গাক। ৰাখিল কৃষ্ণে ধৰি গদাক কৃষ্ণৰ মহা-অনুগ্রহ পাই। ভুঞ্জিল ৰাজ্য যুধিষ্ঠিৰ ৰায় ৪ ২১৪ অনেক বৎসৰ আছাে মাধৱ। যাদৱগণৰ বঢ়াই উৎসৱ । গৃহত পাছে ভৈলা বিৰকতি। গুণ মনত জগতপতি। ২১৫ আছে যদুগণ দুঃসহ বীৰ। নুগুচিলা কিছু ভাৰ ভূমিৰ ৷ দিয়াইয়া বিপ্র-শাপ প্রভু ছলে। সৱাকো নিলা প্রভাসৰ জলে ॥ ২১৬ স্নান কৰি সৱে দিলে দান। কৰিলে বাৰুণী সুৰাক পান। কৃষ্ণৰ মায়াত চেতন হৰিল। অন্যো-অন্যে যুজি সৱে মৰিল ২১৭ মাধবে পাছে স্নান কৰি জলে। বসিল আসনে অশ্বখ-তলে।