পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৬
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা

মোক আদেশিল জগত-নাহা।
তুমি বদৰিকাশ্ৰমক যাহা॥ ২১৮
তথাপি এড়িবে নোৱাৰো স্বামী।
আঁৰ হুয়া ৰৈলো পাছতে আমি॥
কৃষ্ণৰ বিৰহ সহিবে কোনে।
বোলা হৰি হৰি সমস্ত জনে॥ ২১৯

উনবিংশ কীৰ্ত্তন

ঘোষা।৷ কাহে গৈলা হৰি মোৰ গোপাল স্বামী।
 কৃষ্ণ বিনে জাবো কিমতে আমি॥১৯

পদ॥ কৃষ্ণক নেদেখি আকুল-মতি।
 বিচাৰি পাছে পাইলে প্ৰাণ-পতি।৷
 নিৰ্ম্মল শ্যাম তনু সুকুমাৰ।
 কণ্ঠত কৌস্তুভ মুকুতাৰ হাৰ॥ ২২০
 চাৰিখান ভুজ ভূষণে জ্বলে।
 আপাদ-লম্বী বনমালা গলে।৷
 অৰুণ-লোচন মুখ প্ৰসন্ন।
 প্ৰকাশন্তে আছে পীত বসন।৷ ২২১


পা ঘোষা ১৯॥ কাহে গৈলা হৰি মোৰ — কাহে গৈলা মোৰ,
     কাহে গৈল প্ৰাণ।