পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ] ধ্যানন 89 চাৰু চতুভুজ শোভে সুঠান। ললিত বলিত নীল মোলান। কেয়ুৰ কঙ্কণ বলয়া তাতে। প্ৰকাশে নৱ কিশলয় হাতে। ১৮ ৰত্নৰ শলাকা আঙ্গুলি-পান্তি। আঙ্গুষ্ঠিচয় তাতে কৰে কান্তি। অৰুণ নখ চন্দ্ৰমাৰ শাৰী। শঙ্খ-চক্ৰ-গদা-পঙ্কজ-ধাৰী। ১৯ গলত গলপ সাতসৰী। উড়ে নৱগুণ পীত উত্তৰী॥ শ্যামল শৰীৰে শোভে অধিক। ময়ূৰ-পুছ যেন চিকমিক॥ ২০ কম্মু-কণ্ঠে শোভে কৌস্তুভ মণি। প্ৰভাতে উদিত আদিত্য যেনি। পূৰ্ণচন্দ্ৰ-ৰুচি মুখমণ্ডল। কৰ্ণত মকৰ দোলে কুণ্ডল। ২১ তাৰ ৰশ্মি জ্বলে গণ্ড পাণ্ডুৰ। ৰুচিৰ চিবুক চাৰু অধৰ! • ২১ যেনি-জিনি।