সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
খণ্ড ৪
কীৰ্ত্তন-ঘোষা


পৱাল ৰত্নে যেন কৰি কান্তি।
সুন্দৰ দন্ত মুকুতাৰ পান্তি॥ ২২
সদায় নুগুচে ঈষত হাস।
নাসা তিল ফুল-সম-প্ৰকাশ॥
অৰুণ লোচন পঙ্কজপাশি।
ধনু-সম আছে ভ্ৰুৱ প্ৰকাশি॥ ২৩
ৰত্নময় কৰে তিলকে কান্তি।
কপালে লম্বিত অলকা-পান্তি॥
ৰঞ্জে শিৰে ৰত্নময় মুকুট।
চুড়ামণি ৰত্নে প্ৰকাশে জুট॥ ২৪
তাৰ মাজে ৰত্ন-পঙ্কজ-মালা।
উজ্জ্বল মুখ লাগি তাৰ জ্বালা॥
হেন মনোহৰ ৰূপ নিৰীক্ষি।
থাকিব সমস্ত অঙ্গক দেখি॥ ২৫
মস্তকৰপৰা পাদ পৰ্য্যন্তে।
নমাইবে মনক দুনাই দেখন্তে॥
ধ্বজ বজ্ৰাঙ্কুশ পঙ্কজ যৱে।
প্ৰদক্ষিণে নমি পড়িব পাৱে॥ ২৬


পা ২৬॥ বজ্ৰাঙ্কুশ পঙ্কজ যৱে-বজ্ৰ যৱ পঙ্কজ যাৱে, বজ্ৰ পদ্ম৷  অঙ্কুশ জৱে।