পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
খণ্ড ৬
কীৰ্ত্তনঘোধা

দেখিয় ৰত্নৰ পাকৰি-নয়।
প্ৰকাশে তাতে নখ-চন্দ্ৰ-চয়॥
ৰতনে উজ্জ্বল উজণ্টি যত।
নূপুৰ প্ৰকাশে পাদ-পৃষ্ঠত॥ ১৩
ৰত্নৰ হোড়ৰ জ্বলে জঙ্ঘাত।
উৰু কৰিকৰ-সম সাক্ষাত॥
কটিত প্ৰকাশে বসন পীত।
বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত॥ ১৪
নাভি সৰোৰুহ-ৰুচিৰ-কান্তি।
হৃদয়ে প্ৰকাশে শ্ৰীবৎস-পান্তি॥
উৰস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সোণাৰ ৰেখা॥ ১৫
পীত বস্ত্ৰে শোভে শ্যামল কায়।
তড়িত-জড়িত-জলদ-প্ৰায়॥
বহল হৃদয়ে মুকুতা-হাৰ।
প্ৰকাশে জিলিমিলি পেচন্দাৰ॥ ১৬
চিকিমিকি কৰে ৰত্নৰ জ্বালা।
আপাদ-লম্বী গলে বনমালা॥
তাহাৰ মধু-গন্ধে হুয়া ভোল।
বেঢ়িয়া মধুকৰে কৰে ৰোল॥ ১৭