পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীন ১১]. শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰয়াণ নিমিষেকে নৰ-চেষ্টা এড়ি। | বৈকুণ্ঠত প্ৰৱেশিলা হৰি॥ ১২২ . যেন মেঘে বিজুলী-ছটাক। নৱাৰিল কেৱে লক্ষিবাক। কৃষ্ণৰ গতিক সৱে দেৱে। সেহিমতে নলক্ষিল কেৱে॥১২৩ যিটো দেহা ধ্যানৰ আলয়। দেখি হোন্ত আপুনি বিস্ময়। হেন তনু ভৈল অন্তৰ্ধান। বিজুলী-ছটক যেন ঠান। ১২৪ শ্ৰী ধৰ্ম্ম সত্য ধৃতি যত। সৰে গৈল কৃষ্ণৰ পাছত। . হেন দেখি যত দেৱগণ। সৱাৰৰ বিস্ময় ভৈল মন॥ ১২৫ কৃষ্ণৰ অদ্ভুত যোগ-গতি।। দেখি সৰে প্ৰশংসিলা অতি। স্বকী অকী স্থানে চলি গৈলা। শুক মুনি নৃপতিত কৈলা॥ ১২৬ ৰাজা আতি বিস্ময় নকৰা। মৰা পুত্ৰ অন্তৰৰপৰা।