পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০]
৫১৩
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

শিৰত আছিলা ধৰি দুখানি চৰণ।
লোতক-চল্লল আখি কৰন্ত ক্ৰন্দন॥
চলিলোহো মঞি প্ৰাণ-প্ৰভুক উপেখি।
ইজম্মত ভৈলো পৰিছেদা দেখা-দেখি॥ ১১৪
এহি বুলি লড়িলা কৃষ্ণৰ পাৱ এড়ি।
হা কৃষ্ণ বুলিয়া পাড়ন্তে যায় গেড়ি॥
অনন্তৰে যতেক আসিল দেৱ-জাক।
তহিতে মিলিল আসি আৱৰি ব্ৰহ্মাক॥ ১১৫
সিদ্ধ মুনি বিদ্যাধৰ কিন্নৰ চাৰণ।
পাৰ্ব্বতী সহিতে আসিলন্ত ত্ৰিনয়ন॥
কৃষ্ণৰ নিৰ্যাণ দেখিবাক অভিলাষে।
বিমানে বেঢ়িয়া আসি ৰহিলা আকাশে॥ ১১৬
মাধৱৰ চৰিত্ৰ শুনিয়ো সৰ্ব্বজন।
নেড়ি সদায় কেহো কৃষ্ণৰ কীৰ্ত্তন॥
কলি-যুগে আন ধৰ্ম্ম নাহি আত পৰে।
হেন জানি হৰি হৰি বোলা নিৰন্তৰে॥ ১১৭

৩৩