পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তনঘােখ । fie 30 অন্যো-অন্যে জ্ঞাতিসৱ মাৰিল সমস্ত। প্রত্যেকে দেখিলা বলভদ্ৰো গৈলা অস্ত। শৰ-ঘাৱে ভৈলো ময়াে মৃতক-সমান। পিতৃত মাতৃত গৈয়া তুমি দিয়া জান ॥ ১০৯ দ্বাৰকাত আউৰ নথাকিবা একো নৰে । মঞি এড়িলত আসি বুড়াইব সাগৰে । সবন্ধু-বান্ধৰে সাগৰত হৈ পিৰ। নেড়িবাহা বৃদ্ধ পিতৃ মাতৃক আমাৰ। ১১০ আসিবা অৰ্জ্জুন সখি দেখিবাক মােক। তানে লগে যাইব দ্বাৰকাৰ যত লােক। ৰাখি নিবা পথে ধনঞ্জয় মহাথে। বঞ্চিবাহা তুমি সৱে গৈয়া ইন্দ্রপ্রস্থে ১১১ তুমি আচৰিবা ভাগৱত-ধৰ্ম্মচয়। জ্ঞাননিষ্ঠ হুয়া সৱে এড়িবা বিষয়। মায়াৰ ৰচনা ইটো জগতকে জানি। পাছে তুমি পাইবা মােক কৈলাে সত্য বাণী । ১১২ শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ। কৰযােড়ে উঠিলা মনত মহা ক্লেশ। প্রদক্ষিণ প্ৰভুক কৰিলা সাতবাৰ। দুনাই দুনাই পড়িয়া কৰম্ভ নমস্কাৰ। ১১৩