পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তনােবা { খণ্ড ২৩ একাংশ কীর্তন ঘােষা। কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰিপু। ১১ পদ৷ মাধৱক চাই দেৱগণে। কৰিলা প্রণাম ৰঙ্গমনে। ৰূপ দেখি চান্ত এক-দৃষ্টি। কৰন্ত আনন্দে পুষ্প-বৃষ্টি ॥ ১১৮ কযােড়ে আতি ভক্তিভাৱে। জুমা-জুমি কৃষ্ণ-গুণ গাৰে। কতত হৰি-কীৰ্তন কৰস্ত। তাৰ ছেৱে কলােহাে নাচ । ১১৯ বাজে যন্ত্র আকাশক ছনি। কৰে দেৱে দুন্দুভিৰ ধ্বনি। ঘনে ঘনে পুষ্প বৰিযন্ত। জয় কৃষ্ণ বুলি জকাৰ৷ ১২০ শুনি হৰি উপৰক চাইল। ব্ৰহ্মাক আগতে ভেট পাইল । আনাে সৰে দেৱতাক দেখি। মুদিল কৃষ্ণে দুয়াে আখি । ১২১ পাছে যােগ-ধাৰণা ধৰিলা। আপুনাক আত্মাতে থাপিল।