পৃষ্ঠা:Kirtan Ghosha.pdf/৫২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫১৯ ১] আকৃষ্ণ বৈকুণ্ঠ-প্ৰহ্মাণ | তোমাৰ চৰণ নেদেখি স্বামী।

গুচিল চক্ষু অন্ধ ভৈলো আমি।

নজানোহো একো দিশ-বিদিশ। নাহি সুখ-শান্তি জগত-ঈশ॥ ১০৫ যেন চন্দ্ৰ বিনে ৰাতি আন্ধাৰ। তুমি মুখ্য প্ৰভু প্ৰাণ আমাৰ। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। | বোলা হৰি হৰি সমস্ত জনে॥ ১০৬ দশম কীৰ্তন ঘোষা। হৰি গোৱিন্দ জয় কৃষ্ণ গোপাল ৰাম।১ পদ | এহিমতে দাৰুকে বোল পাছে ৰথ। আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ। পাছতে লৰিলা চক্ৰ আদি অস্ত্ৰচয়। দেখিয়া দাৰুক ভৈল পৰম বিস্ময়। ১০৭ তবধ নয়নে চাই আছে উপক। মাধৰে বুলিলা পাছে বাক্য দাৰুকক। চলিয়োক দাৰুক সত্বৰে দ্বাৰকাক। বান্ধৱত কহ গৈয়া আমাৰ বাৰ্তাক। ১০৮