পৃষ্ঠা:Kirtan Ghosha.pdf/৫২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ও ২৩ কীর্তন-ঘােম মাধৱে বৈলন্ত শুনিয়াে জৰা। উঠিয়ােসত্বৰে ভয় নকৰা। কৰিলা আমাৰ বাঞ্ছা সফল। মােৰ বৰে আৱে স্বৰ্গক চল। ১০০ শুনিয়া মাধৰক ভয়ে হীন। কৰিলা তিনিবাৰ প্রদক্ষিণ । প্রণামিয়া পাছে বিমানে চড়ি। সশৰীৰে গৈল স্বৰ্গক লড়ি ॥ ১০১ কৃষ্ণৰ সাৰথি পাছে দাৰুকে। থে চৰি চাই ফুৰে নিচুকে। কৃষ্ণৰ বিচাৰ কৰি প্রবন্ধে । পাইলস্তু গৈয়া তুলসীৰ গন্ধে ॥ ১২ : সম্মুখ হুয়া দেখিল পাছে। মুর্তি ধৰি অস্ত্র চৌপাশে আছে। প্রকাশে দেহ যেন পূর্ণ শশী। অশ্ব-তলত আছন্ত বসি ১০৩ বজাইল লােতক আকুলভাৱে। পড়িল দাৰুক কৃষ্ণৰ পারে। কান্দিলা হুমহুমি অপােমুখে। মাতিলা পাছে মহা মন-দুঃখে # ১০৪