পৃষ্ঠা:Kirtan Ghosha.pdf/৫২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯
৫০৯
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ

নৱম কীৰ্ত্তন

ঘোষা॥ প্ৰণামো ৰাম প্ৰভু পদ্মপাণি।৷ ৯

পদ॥ অনেক বিনয় কৰিল ব্যাধ।
 ক্ষমিয়ো হৰি মোৰ অপৰাধ।।
 অধম মঞি পাপী দামোদৰ।
 নজানি তোমাক কৰিলো শৰ॥ ৯৬
 মনুষ্য লোকত যত অজ্ঞান।
 যাহাক স্মৰণ কৰে নিৰ্যাণ।৷
 হেন মাধৱৰ দ্ৰোহ আচৰি।
 কেনে জীওঁ এৱে নগৈলো মৰি॥ ৯৭
 চাহিবে নলাগে কাটিয়ো মোক।
 পাপীৰ মোৰ প্ৰায়ছিত্ত হোক।৷
 আউৰ যেন মই অধম পাপ।
 নকৰো মহন্তক উপতাপ॥৯৮
 শঙ্কৰ ব্ৰহ্মা আদি দেৱগণ।
 যাহাৰ মায়ায়ে মোহিত-মন।৷
 নজানন্ত যাৰ চৰিত্ৰ আতি।
 জানিবো কিবা আমি অন্ত্য জাতি॥ ৯৯


পা ৯৮॥ উপতাপ-অনুতাপ।