পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ হুয়া আতি বিস্মৃতি পিতৃক পুত্রে মাৰে। শ্বশুৰে জমাইক ভাই ভ্ৰাতৃক প্রহাৰে ॥ ৭৮ শ্যালক ভিনিসি মাৰে আৰ্যকক নাতি। খুড়াতে ভাতিজা কটাকটি কৰে আতি। মিত্রে মিত্রে কৰে যুদ্ধ ভাগিনে মাতুলে। সুহৃদ সােদৰ যেন নচাৱে বাতুলে|.৭৯ ঢুকুৱাইল অস্ত্র ধনু ভাঙ্গিল কোবত। প্রহাৰে মাদুৰি ধৰি পৰম ক্রোধত। শৰীৰত পড়ে যেন বজ্ৰৰ সন্ধান। বিমুচ্ছিত হুই যদুগণে ছাড়ে প্রাণ ॥ ৮০ পাছে ৰাম কৃষ্ণ উঠি হাতক উচাই। মাজ পশি সৱাকো বাধস্ত দুয়াে ভাই। দেখি যদু-বীগণাে ক্রোধে খেদি গৈল।. শত্ৰু-বুদ্ধি সম্বাক মাৰিবাক লৈল । ৮১ খুঙ্গি ৰাম মাধৱে মাদুৰি লৈলা তুলি। অনেক যাদৱী সেনা মাৰিলা সমূলি। বিপ্র-শাপে অন্যো-অন্যে বংশ ভৈল ছন। বাংশৰ অগনি যেন পােড়ে বাংশ-বন। ৮২ সাগৰৰ তীৰক ঢাকিল মৰা শবে। এৱেসে গুচিল ভাৰ জানিলা মাধৰে।