এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৬
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা
পাছে বলভদ্ৰ গৈল সাগৰৰ তীৰ।
যোগ চিন্তি এড়িলন্ত মনুষ্য শৰাৰ॥ ৮৩
কৃষ্ণৰ অদ্ভুত লীলা শুনা সৰ্ব্বজন।
প্ৰাণ থাকে মানে কেহো নেড়িবা কীৰ্ত্তন॥
হেন জানা অন্তকে কেশত আছে ধৰি।
ছাড়োক যমৰ দায় ডাকি বোলা হৰি॥ ৮৪
অষ্টম কীৰ্ত্তন
ঘোষা॥ হৰি হৰি বোলা মুখে।
সংসাৰ তৰিয়ে সুখে।৷৮
পদ॥ দেখিলা কৃষ্ণে ৰাম মহাভাগ।
কৰিলা যোগ-বলে তনু ত্যাগ॥
মাধৱো পাছে প্ৰভাসৰ জলে।
স্নান কৰি গৈলা অশ্বত্থ-তলে॥৮৫
মাটিত বসিয়া ভৈলন্ত চুপ।
ধৰিলা দিব্য চতুভুৰ্জ ৰূপ॥
দেহৰৰ জোতি জ্বলে দিশ-পাশ।
বিধুম বহিৰ যেন প্ৰকাশ॥ ৮৬
নৰ মেঘ যেন শ্যাম আকৃতি।
তাতে পীত বস্ত্ৰে কৰে দীপিতি॥