এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- কীৰ্তন-ঘোষা
অস্ত্ৰ-শস্ত্ৰ ধৰি লৰে ৰণত প্ৰবুদ্ধ।
আপুনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ। ৭৩
টঙ্কাৰিয়া ধনুক বৰিষে শৰ ধাৰে।
গদা মুদগৰ অসি পৰশু প্ৰহাৰে।
সান্থ কামদেৱৰ লাগিল ঘোৰ যুদ্ধ।
কৰে ঘোৰ সমৰ সাত্যকি অনিৰুদ্ধ। ৭৪
সুভদ্ৰ সংগ্ৰামজিতে কৰে হুলস্থুল।
সুমিত্ৰ সুৰথে দুয়ো কৰন্ত তুমুল।
উকে নিশঠে ভৈল দুৰ্ঘোৰ কন্দল।
শতজিত সনে যুজে ভানু মহাবল। ৭৫
অৰে সহিতে কৃতবৰ্মা মহাবীৰ।
কৰ সমৰ সৱে কম্পিত শৰীৰ। •
ভৈলা সৰে উম্মত্ত চেতন নাহি গাত।
বৰিন্তু নিশিত সায়ক অসংখ্যাত। ৭৬
পৰিঘ পটিশ অসি কৰন্ত প্ৰহাৰ।
অন্যে-অন্তে শত্ৰু-বুদ্ধি চিন্তে মহামাৰ।
তৰ্জয় গৰ্জয় কতো কৰে হতা-হাতি।
মাধৱৰ মায়ায়ে মোহিত ভৈল আতি॥ ৭৭
ভোজ বৃষ্ণি অন্ধ সাত্বত যদুবংশ।
বিষ্ণুৰ মায়ায়ে সৱে ভৈল বুদ্ধি-ভ্ৰংশ।