পৃষ্ঠা:Kirtan Ghosha.pdf/৫০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনমােৰা সবংশে আমিও গৈয়া তৈতে আসি স্নান। বিপ্ৰক ভােজন কৰাই দেওঁ মহাদান। দানে-পুণ্যে হুয়াে মহা দুর্গতি নিস্তাৰ। যেন মহা মাৰে সাগৰত কৰে পাৰ । ২২ কৃষ্ণৰ বচন শুনি যত যদুগণ। তীর্থক যাইবাক সৱে কৰিল যতন। লড়ালড়ি কৰি লাৈ কাছ-পাৰ। ৰথত তুলিলা আনি অনেক সম্ভাৰ- ২৩ নিশান কোবাই সৱে এক স্থান ভৈল। বাল বৃদ্ধ স্ত্রী মাত্র নগৰত ৰৈল । ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি। পাতক ছাড়ােক ডাকি বােলা হৰি হৰি। ২৪ তৃতীয় কীর্তন ঘােষা। পৰমানন্দৰাম জোনাে ছাড়লি নােক। হৰি জোনাে তেজি যাহা মােক। ৩ পদ। যাইবে যদুগণ পাছে ভক্ত উদ্ধৱৰ কাছে বিহঙ্গম দেখি কাস্পে কায়। কৃষ্ণৰ বচন শুনি মনে বিমৰবি গুণি বুলিলস্ত সৰে অভিপ্রায় ॥