পৃষ্ঠা:Kirtan Ghosha.pdf/৫০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৪৯১
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

বিৰলত হৰি-দাস কৃষ্ণৰ চাপিয়া পাশ
 শিৰে প্ৰণমিলা পাৱ ছুই।
অন্তৰ্গতে তনু তাৱে মাধৱক নম্ৰভাৱে
 বুলিলন্ত কৃতাঞ্জলি হুই॥ ২৫
যাদৱ-বংশক তুমি সংহৰি এড়িবা ভূমি
 অৱশ্যে জানিলো আক আমি।
সিকাৰণে ঋষি-শাপ ব্যৰ্থ নকৰিলা বাপ
 তুমি হুয়া জগতৰ স্বামী॥
তোমাৰ চৰণ এড়ি নিমিষেকো প্ৰভু হৰি
 থাকিব নৱাৰো একো স্থান।
তুমি এড়িলাত মোৰ মিলিবে সন্তাপ ঘোৰ
 অৱশ্যে ছাড়িবো মোৰ প্ৰাণ॥ ২৬
তুমি তপ জপ পুণ্য তুমি বিনা দেখো শুন্য
 দিনতে আন্ধাৰ ত্ৰিজগত।
অনেক কাৰ্পুণ্য কৰো দুয়ো চৰণত ধৰো
 লৈয়া যায়ো আমাক লগত॥
সম্যকে অমৃতময় তোমাৰ চৰিত্ৰচয়
 তাক মাত্ৰ শুনি যিটো নৰে।
তাহাৰে উপজে ভাৱ নছাড়ে তোমাৰ পাৱ
 আন বিষয়ক পৰিহৰে॥ ২৭