পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮২ কীর্তন-ঘােষ নন্দযশোক মান্য কৰিলা একান্ত। জ্ঞান-দানে গােপীক কৰিলে উপশান্ত। কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান। মৃতক পুত্রক দৈৱকীক দিলা দান ॥ ৯৮ অর্জুনক আনি বিহা দিলা সুভদ্রাক। ভক দেখিবে লাগি গৈলা মিথিলাক ॥ শ্রতদেৱ জনকৰ পুৰি মনােৰথ। কৈলা উপদেশি প্রেম ভকতিৰ পথ ॥ ৯৯ ভকতিক পুছিলা নাৰদে মাধৱত। নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব । সংসাৰক তাৰে ভকতিসি জানি মনে। কৈলা স্বতি বেদ-শিৰােৰ-মন্ত্রগণে ॥ ১০০ হৰিভকতিত পাই পৰম মুকুতি। দিবে মাত্র পাৰে আনাে দেৱতা ভুকুতি। ভৃগু ঋষি আসি কৰি পৰীক্ষা পুর্বত। কৈলা কৃষ্ণ-গুণ মুনিগণৰ আগত ॥ ১০১ মহাকালপুৰ পশি কৃষ্ণ কৃপাময়। আনিল বিপ্ৰৰ মৃতক পুচয় ॥ অৰ্জুনৰ অঙ্গীকাৰ কৰিলা সাফল। হেন নাৰায়ণ দেৱ ভকতবৎসল ১২