এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৪৮১
কৃষ্ণ লীলা মালা
সপ্তম কীৰ্ত্তন
ঘোষা।৷ গোপীনাথ তুৱা পাৱে নভৈল ভকতি।
ইজন্মতো মাধৱ গৈলোহে অধোগতি॥৭
পদ।৷ দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ।
অৰ্চ্চিলন্ত কৃষ্ণে কৰি পৰম সাদৰ।৷
গুৰু-গৃহে বাস-কথা কৈলা মন-তুষ্টি।
খাইলা তান লইয়া চাউল-চিৰা একমুঠি॥ ৯৪
এতেকে ঐশ্বৰ্য্য পাইলা ইন্দ্ৰৰো দুৰ্ল্লভ।
হেনসে ঈশ্বৰ কৃষ্ণ ভৃত্যৰ সুলভ।৷
সৰ্ব্বগ্ৰাহ সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা।
সমস্তে নৃপতিগণ কুৰুক্ষেত্ৰে গৈলা॥ ৯৫
সপুত্ৰ বান্ধৱে যদুগণ গৈলা তথা।
কৈলা ৰজাগণ অন্যো অন্যে কৃষ্ণকথা।
কৃষ্ণৰ যতেক পত্নী দ্ৰৌপদী সহিতি।
কহিলন্ত কৃষ্ণ-কথা পৰম পিৰীতি॥ ৯৬
নাৰদ প্ৰমুখ্যে মুনিগণ আইল তয়।
অৰ্চ্চিলন্ত তাসম্বাক কৃষ্ণ কৃপাময়।৷
পিতৃৰ কৰাইলা কৃষ্ণে যজ্ঞ-মহোৎসৱ।
বান্ধৱক তুষি ভূষি পঠাইলা মাধৱ॥৯৭