পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৪৮৩
কৃষ্ণ-লীলা-মালা

ষোড়শ সহস্ৰ অষ্টাধিক এক শত।
কৃষ্ণৰ মহিষী সৱে পৰম ভকত॥
শুনিয়োক কৃষ্ণৰ যতেক পুত্ৰ ৰাশি।
একষষ্টি হাজাৰ লক্ষেক আৰো আশী॥ ১০৩
তাসম্বাৰ পুত্ৰ নাতি ভৈল অপৰ্য্যন্ত।
তাক কহি কোনে আৱে পাইবে অন্ত।৷
যদুকুলে কেশৱে আপুনি অৱতৰি।
গঙ্গাক কৰিলা অল্প কীৰ্ত্তনত কৰি॥১০৪
শত্ৰু মিত্ৰ উদাসীনে দিলা নিজ পদ।
ভাৰ হৰি মহন্তৰ খণ্ডিল আপদ॥
নুহিকে আশ্চৰ্য্য ইটো কৰ্ম্ম মাধৱৰ।
সিকালত বেকত আছিলা দামোদৰ॥১০৫
আকেসে আশ্চৰ্য্য দেখো শুনা পৰীক্ষিত।
নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত॥
আৰো যাইবে নলাগে নৃপতি তপোবন।
গৃহ গতি পায় কৰি শ্ৰৱণ কীৰ্ত্তন॥ ১০৬
এহিমানে দশম কন্ধৰ কৃষ্ণ-লীলা।
শুক মুনি ৰাজা পৰীক্ষিতক কহিলা॥
শঙ্কৰে ৰচিলা ধৰি কৃষ্ণৰ চৰণ।
লীলা-মালা কথা ইটো কৃষ্ণৰ কীৰ্ত্তন॥ ১০৭