পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮০
[খণ্ড ২২
কীৰ্ত্তন ঘোষা

লাগোক বিবাদ কুৰু-পাণ্ডৱে॥
নমাতি থাকিলা বসি মাধৱে।
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী। ৮৯
হৰত বৰ পায়া শাল্ব ৰাজা।
মাৰিবাক গৈলা যাদৱ প্ৰজা॥
আকাশতে চলে সৌভ নগৰ।
যদু-বীৰগণে দিলে সমৰ।৷ ৯০
হস্তিনাপুৰ হন্তে আসি পাই।
কাটিলা শাল্বক যাদৱ-ৰায়॥
ভাঙ্গিলা সৌভক ক্ষেপিয়া চক্ৰ।
বধিলা বিদুৰথ দন্তবক্ৰ॥ ৯১
তীৰ্থত স্নানিয়া ফুৰন্তে ৰাম।
সূতক বধি কৰি মন্দ কাম।৷
বল্লল দৈত্যক মাৰি তহিত।
কৰিয়া সূতবধ-প্ৰায়শ্চিত্ত।৷ ৯২
দেখিয়া তুষ্ট ভৈল ঋষিগণ।
উগ্ৰশ্ৰৱা পাইলা ব্ৰহ্ম-আসন॥
কহিলা মহাভাগৱত কথা।
বোল হৰি হৰি নমৰা বৃথা॥ ৯৩

-