পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২ ]
৪৪৫
দৈৱকীৰ পুত্ৰ-আনয়ন


ফল-মূল ভুঞ্জি তোমাৰ চৰণ
 চিন্তিয়া যেন বেড়াওঁ॥ ১৬

তযু নাম মোৰ মুখে নছাড়োক
 নেড়োক চিত্তে চৰণ।
হেন মনোৰথ সাধিয়ো মাধৱ
 তোমাতে লৈলো শৰণ॥

ঐশ্বৰ্য্য-জঞ্জাল নলাগে আমাৰ
 ছিণ্ডা মোৰ মোহ-পাশ।
কৰা প্ৰভু দায়া জন্মে জন্মে হৈবো
 তোমাৰ দাসৰো দাস॥১৭

আজ্ঞা কৰিয়োক জীৱৰ ঈশ্বৰ
 সম্প্ৰতি কি কৰো আমি।
হেন শুনি হাসি বলিক মাতিলা
 তিনিও লোকৰ স্বামী॥

মৰীচিৰ ছয় আছিল তনয়
 প্ৰথম মনুৰ দিনে।
ভৈলা সৱে দেৱ তাসম্বাৰ আগে
 নাম শুনা ভিনে ভিনে॥ ১৮