এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৪
[খণ্ড ২০
কীৰ্ত্তন-ঘোষা
তযু দৰশন যদ্যপি দুৰ্লভ
নুবুঝি তোমাৰ লীলা।
আমি তামসিক অসুৰ জাতিৰ
গৃহতে আসি মিলিলা॥ ১৪
ৰাক্ষস দানৱ দৈত্য-ভূতচয়
পিশাচ প্ৰমথপতি।
তোমাক বিৰোধ কৰি অপ্ৰয়াসে
পাইলেক পৰম গতি॥
দ্বেষত ভয়ত যিটো সিদ্ধি পাইলে
তামসিক দৈত্য-ঝাক।
সাত্বিক গুণত থাকিয়া সততে
দেৱে নপাৱন্ত তাক ॥ ১৫
আমাৰ পৰোক্ষ বান্ধৱ তুমিসি
মাধৱ জানিলো আমি।
হেন জানি মোত হুয়োক সন্তোষ
তিনিও লোকৰ স্বামী॥
গৃহ-অন্ধ-কূপে পড়ি আছো নাথ
কিমতে আক এড়াওঁ।