পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২২
খণ্ড ১৮
কীৰ্ত্তন-ঘোষা

এহিমতে হৰি জগত-গুৰু।
সম্যকে ভকতৰ কল্পতৰু॥৫০
দুৰ্জ্জন জনৰ চিন্তিয়া মাৰ।
লীলায়ে ভূমিৰ হৰিলা ভাৰ॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৰিয়ো কীৰ্ত্তন সমস্ত জনে॥ ৫১
আত পৰে ধৰ্ম্ম নাহিকে আন।
ব্যাসৰ বচন বেদ-প্ৰমাণ॥
হেন জানি সুখে গৃহতে থাকি।
হৰি হৰি বোলা সমাজে ঢাকি॥ ৫২


বিপ্ৰ-পুত্ৰ-আনয়ন সমাপ্ত॥১৮॥