পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৪২১
বিপ্ৰ-পুত্ৰ-আনয়ন

তোমাৰ আজ্ঞাক পালিবো স্বামী।
থাকিয়ো গৃহক লড়িলো আমি॥ ৪৫
এহি বুলি কৃষ্ণ-অৰ্জ্জুন দুই।
উঠিলা ৰথত আনন্দ হুই॥
ব্ৰাহ্মণৰ সৱে পুত্ৰক লৈলা।
পুৰাণী পথে দ্বাৰকাক গৈলা॥ ৪৬
পাছে ধনঞ্জয় প্ৰতিজ্ঞা পালি।
দিলন্ত দ্বিজৰ দশো ছৱালি॥
মৰা পুত্ৰগণ পায়া ব্ৰাহ্মণে।
পৰম আনন্দ মিলিল মনে॥ ৪৭
সভাৰ্য্যে ওহলায়া যেন নাচন্ত।
অৰ্জ্জুন ধন্য বুলি বখানন্ত॥
কৃষ্ণৰ প্ৰসাদে বীৰ বিজয়।
এড়াইল দাৰুণ মৰণ-ভয়॥ ৪৮
বিষ্ণুৰ তেজ দেখি ধনঞ্জয়।
ভৈলন্ত মনত আতি বিস্ময়॥
পৌৰুষ পুৰুষৰ কিছু নুই।
কৃষ্ণৰ প্ৰসাদে সমন্তে হুই॥ ৪৯
এহি বুলি বীৰ দঢ়ায়া মতি।
একান্ত কৰিলা হৰি-ভকতি॥