পৃষ্ঠা:Kirtan Ghosha.pdf/৪১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( খণ্ড ১ কীর্তন-বােৰ ইন্দ্রে নিদিল তাক জানিয়া মুৰাৰি। আনিলন্ত বলে পাৰিজাতক উভাৰি। দেখি খেদি আসি ইন্দ্ৰে কৰিলা.সমৰ। বাসৱক লীলায়ে ভঙ্গাইলা মােদৰ । ৪ উলটি পলাইল ইন্দ্র তােমাৰ প্ৰহাৰে। কইলা পাৰিজাত সত্যভামাৰ দুৱাৰে। যােড়শ হাজাৰ কন্যা আনি ভিনে ভিনে। দ্বাৰকাত বিৱাহ কৰিলা একে দিনে। ৫ সিটো দিব্য পতনী যতেক বৰনাৰী । ততেক শৰীৰ ধৰি ক্ৰীড়িলা মুৰাৰি। চোৰাণী অধিক তেৰ হাজাৰ প্রমাণ। সালঙ্কতা কৰি নিতে কৰন্ত গাে-দান। ৬ ইন্দ্ৰ দেৱে পুৰষ্কাৰ কৰিয়া কৃষ্ণক। দ্বাৰকাক পঠাই দিল সুধৰ্মা-সভাক । তাত বসিবাক যাহা প্রত্যেকে উৎসুকে। আগত যােগা আনি ৰথক দাকে। ৭ ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে। সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে । গুৰু শুক্র সমে যেন আকাশত শশী। সভাক ৰঞ্জিয়া প্রভু ৰঙ্গে থাকা বসি। ৮