পৃষ্ঠা:Kirtan Ghosha.pdf/৪১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| দ্বিতীয় কীর্তন দেখিয়া প্রণামে যিটো সুধর্ম সভাক। যদুগণে আনলে চটকি ফুৰে তাক। কৃষ্ণৰ প্ৰসাদে ভুঞ্জিল কোন ভােগ। মিলে দ্বাৰকাত যত বস্তু দেৱ-ভােগ ॥ ৯ পঢ়াইলা যাদৱ-বংশ যতেক কুমাৰ। তাৰ সংখ্যা কৰিবেক শকতি কাহাৰ । তাসন্থাৰ শুনিয়াে পঢ়োৱা ওজা যত। তিনি কোটি চৌৰাশী হাজাৰ একশত। ১০ ভণিল শঙ্কৰে শুনিয়ােক সৰ্বজন। এক চিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন। আত পৰে ধৰ্ম আৰ নাহি সংসাৰত। ৰাম ৰাম ঘুষিয়ােক বসি আসনত। ১১ ঘােষা। কেশৱ কৃষ্ণ বিষ্ণু বনমালী। নিয়ে কৃপাময় সেৱক পালি।২ যােড়শ হাজাৰ কন্যাক ভিনে। কৰিলা হৰি বিহা একে দিনে। কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি। দ্বাৰকাক গৈলা নাৰদ মুনি।১২ ২৬