পৃষ্ঠা:Kirtan Ghosha.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তদশ খণ্ড

নাৰদৰ কৃষ্ণ-দর্শন

প্রথম কীৰ্ত্তন

ঘােষা ॥ কমল-লােচন ৰাম প্রভু ৰঘুপতি।
 কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি॥ ১

পদ॥ শিশুপাল প্ৰমুখ্যে নৃপতিগণ জিনি।
 ভীষ্মক দুহিতা হৰি আনিলা ৰুক্মিণী॥
 ৰুক্মক মুণ্ডিলা ধৰি পৰম বিক্রমে।
 অষ্ট মহিষীক বিহা কৰিলা প্রথমে ॥ ১
 গৰুড়ত চড়ি নৰকক দিলা ধাৰ।
 তাক মাৰি পাইলা কন্যা ষোড়শ হাজাৰ ॥
 সৱাকো পঠাইলা প্রভু দ্বাৰকাক প্রতি।
 সত্যভামা সমে পাছে গৈলা অম্ৰাৱতী॥ ২
 অদিতিক দিলা নিয়া অমৃত কুণ্ডল।
 তােমাক অৰ্চ্চিল আসি দেৱ আখণ্ডল॥
 বাসৱে সহিতে হৰি কহি কথা-মাত।
 খুজিলা ভাৰ্য্যাৰ পদে পুষ্প পাৰিজাত॥ ৩


পা ঘোষা ১ ॥ ৰাম প্ৰভু—কৃষ্ণ ৰাম।