পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


cas i মুখে ফুৰে লৈয়া ঘােষা। ওহৰি দীন-দয়াল গােপাল পালিয়া নিয়া। মােৰ নাম তােমাৰ চৰণ চিন্তোক মিয়া । পদ ॥ পাছে যদুবংশ যতেক আছে। কৃষ্ণ আসন্তোক মনত বাস্থে। যাৰ যেন শক্য পাৰিল মানে। পূজিলা দুর্গক বলি-বিধানে। ৫৩ মায়াক আৰাধি সাধস্ত বৰ। সত্বৰে আসন্তোক দামােদৰ। পঢ়ি স্তুতি-স্তোত্র কৰে মঙ্গল। সিটো আশীর্বাদ ভৈল সাল ॥ ৫৪ ভাৰ্য্যায়ে সহিতে আসিলা হৰি। গ্ৰাৱাত স্যমন্ত-মণিক ধৰি । দেখ সৱে আইল যদুৰাই ॥ মৰি উপজিল যেন দুনাই ॥ ৫৫ লগতে কন্যাক আসিলা লই। সমস্ত সুহৃদে বেড়িল গই। পৰম ৰঙ্গে কৰে শুভ শুভ। শিৰত সিঞ্চিলা অক্ষত দূষ। ৫৬