পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭ ]
৩৯৩
স্যমন্তক-হৰণ

যতেক বান্ধৱ জ্ঞাতি।
কৰন্ত বিলাপ আতি॥
সমস্তে নগৰী-লোকে।
কৰন্ত বিলাপ শোকে॥ ৪৯
সত্ৰাজিত ধূমকেতু।
তঞিসি নাশৰ হেতু॥
নাৰীগণে পাৰে গালি।
সত্ৰাজিত পুত্ৰ খাইলি॥ ৫০
কৃষ্ণক কলঙ্ক দিয়া।
এভো পাপী আছ জীয়া॥
দ্বাৰকা-পুৰক ছনি।
কৰে হাহাকাৰ-ধ্বনি॥ ৫১
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্ব জনে॥
কৃষ্ণৰ কীৰ্ত্তন কৰি।
ডাকি বোলা হৰি হৰি॥ ৫২