পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
৩৭৭
মুচুকুন্দ-স্তুতি


আউৰ জম্মত তুমি হুইবা দ্বিজবৰ।
মোক পাইবা আসি ৰাজা তেজি কলেৱৰ॥ ১০৯
পূৰ্ব্বতো অনেক যজ্ঞে যজি আছা মোক।
মঞি ৰক্ষা কৰিবো নিৰ্ভয়ে চলিয়োক॥
হেন অনুগ্ৰহ-আজ্ঞা পায়া মাধৱৰ।
কৰিলা কৃষ্ণক প্ৰদক্ষিণ নৃপবৰ॥ ১১০
চৰণে প্ৰণামি বাজ ভৈলা গহ্বৰৰ।
দেখে ক্ষুদ্ৰ ভৈল সৱে বৃক্ষ পশু নৰ॥
পাইল কলি-যুগে আসি মানি মহাৰথ।
ধৰিলন্ত উত্তৰ দিশক লাগি পথ॥ ১১১
ভৈলন্ত নিঃশঙ্ক তপ আচৰিবে মনে।
কৰিলা একান্ত চিত্ত কৃষ্ণৰ চৰণে॥
বদৰিকাশ্ৰমে গৈয়া ধৰিয়া সমাধি।
থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি॥ ১১২
পাছে দুনাই আসিয়া মাধৱ মথুৰাক।
মাৰিলন্ত তিনি কোটি যৱন সেনাক॥
তাৰ ধন মানে সৱে বলদ যোড়াইল।
দ্বাৰকাত নিয়া যদু ৰাজাত যোগাইল॥ ১১৩
তেইশ অক্ষৌহিণী সেনা সাজিয়া প্ৰবন্ধে।
সেহি সময়তে খেদি পাইলা জৰাসন্ধে॥