পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কনখোকা নাম কীল ঘােষা। মন ৰাম বােস ৰাম ৰােল বাম বােল কাম। চিত্ত চিত্তে চতুভুজ চতুভুজ হৰি ৯ পদ ॥ মাধৱে বােলত্ত শুনা মুচুকুন্দ ৰায়। তােমাৰ নিৰ্ম্মল মতি ভৈল সমুদায় । প্রলােভিলাে বৰ লৱা বুলি বাৰম্বাৰ । তথাপিতাে কিছু বা নভৈল তােমাৰ। ১০৬ বৰ দিবে চাহিলে তােমাক দায়া পদে। ভকতক লজ্যিবাক নপাৰে শ্ৰ-মদে । যােক অভ্যাসে যিটো ভকতিক এড়ে। তাহাৰেসে মন দুনাই বিষয়ত পড়ে ৷ ১০৭ মােত চিত্ত দিয়া পৰ্যটিয়াে বসুমতী। তােমাৰ আমাত আছে একান্ত ভকতি । ক্ষত্রিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ। কৰিয়াছা বধ তুমি জন্তু বহুতৰ ৷ ১০৮ শ্ৰৱণ-কীৰ্ত্তনে মােক কৰিয়া আশ্রয়। তপকৰি এৱে সিটো পাপ কৰা ক্ষয় । পা ঘােষা ৯০ নুতুল চতুক-চতুভুজ। পদ ১৬ মুচুকুন্দ-সার্বভৌম ।