পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ফীসেবা, পৰমে অটোপে মহাকোপে আসে ধাই। দেখি লড় দিল ৰাম-কৃষ্ণ দুয়াে ভাই। ১১৪ মনুষ-চেষ্টাক দেখাই যেন ভয়াতুৰ। ভৰি-গতি দুয়াে পলাই গৈলা বহুদূৰ । হেন দেখি ৰঙ্গে আসি মাগধ নিস্থলে। ধৰ বুলি পাছে পাছে খেদে সমদলে। ১১৫ পলাইবে পাৰি যেন ৰাম-দামােদৰে। আৰােহিলা পৰ্বতৰ উচ্ছিত শিখবে। পর্বতক বেড়িয়া সসৈন্যে জৰাসন্ধে। লগাইলেক জুই তাত অনেক প্রবন্ধে। ১১৬ আখাৰ যােজন সিটো পৰ্বত উচ্ছিত। তাৰপৰা ডেৱে দুয়াে পড়িলা ভূমিত। নলক্ষিলে কেৰে শত্ৰু-সেনা তাসক। ঙ্গে ৰামকৃষ্ণ দুয়াে গৈলা দ্বাৰকাক। ১১৭ দগ্ধ ভৈলা ৰামকৃষ্ণ মানি মহাবলী। জসন্ধো সসৈন্যে দেশক গৈলা চলি। নজাময় ঈশ্বৰৰ বলৰ প্রমাণ। শক্ত বুদ্ধি দেখে সিটো পৰম অজ্ঞান ১১৮