পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


a) প্ৰণত-পালক তােমাৰ চৰণে লৈলােহাে আৰে শৰণ। ভয় শােক মৃত্যু গুচয় যিমতে ৰক্ষা কৰা নাৰায়ণ ॥ হেন তুতি কৰি মুচুকুন্দ ৰাজা কৃষ্ণক প্রণামি আছে। প্রণত-পালক দেৱ সনাতন ৰাজাক মাতিলা পাছে। ১০৪ ভণিলা শঙ্কৰে শুনা সর্ব নৰে নকৰিয়াে জম্ম বৃথা। শ্ৰৱণতে মুখে মােক্ষ-পদ পায় শুনা হেন কৃষ্ণ-কথা । হৰিৰ কীৰ্ত্তন কৰিয়া পাপৰ মুণ্ডত মাৰিয়াে বাড়ি। আন কাম এড়ি বােলা হৰি হৰি পলাওক পাতক ছাড়ি। ১০৫