পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৩৬৭
মুচুকুণ্ড-স্তুতি

ৰাজা মুচুকুন্দে কৃষ্ণক দেখি।
পৰম বিস্ময়ে চান্ত নিৰেখি॥
উদিত চন্দ্ৰৰ যেন প্ৰকাশ।
শ্যামল দেহে শোভে পীত বাস॥ ৭৬
শ্ৰীবৎস-পান্তি শোভে বক্ষঃস্থলে।
সূৰ্য্য-সম জলে কৌস্তুভ গলে॥
কৰ্ণত মকৰ দোলে কুণ্ডল।
পদ্ম-সম শোভে মুখ-মণ্ডল॥ ৭৭
অৰুণ-লোচন পঙ্কজ-পাসি।
নুগুচে সদা মুখে অল্প হাসি॥
দশন-পান্তি মুকুতাৰ সাৰি।
প্ৰলম্ব থূল জ্বলে ভুজ চাৰি॥ ৭৮
প্ৰকাশে কণ্ঠত পদ্মৰ মালা।
কটিত ৰত্নৰ শোভে মেখলা॥
পদ-যুগ যেন পঙ্কজ-কোষ।
শুনি সুৱৰ্ণৰ নুপুৰ-ঘোষ॥ ৭৯
ত্ৰৈলোক্যত ৰূপে নাহিকে সম।
মৃগেন্দ্ৰ যেন লীলা-বিক্ৰম॥
শৰীৰৰ জৌতি লাগি আখিত।
দেখি মুচুকুন্দ ভৈল শঙ্কিত॥ ৮০