পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৮
[খণ্ড ১৫গ
কীৰ্ত্তন-ঘোষা


কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
কৃষ্ণ-কথা শুনা সমস্ত জনে॥
কৰিয়ো কীৰ্ত্তন আলাস এড়ি।
বোলা হৰি হৰি সমাজে বেঢ়ি॥ ৮১


সপ্তম কীৰ্ত্তন

ঘোষা॥ ৰাম কৃষ্ণ গোবিন্দ।
 ত্ৰাহি ত্ৰাহি মুকুন্দ॥ ৭

পদ॥ পাছে মুচুকুন্দ-ৰায়।
 সোধে মাধৱক চাই॥
 কোন তুমি থাকা কৈত।
 কি কাৰ্য্যে মিছা ঐত॥ ৮২
 পদ্ম-পত্ৰ-সম ভৰি।
 কণ্টকত কেন কৰি॥
 ফুৰা গিৰি-গহ্বৰত।
 নুবুঝো তোমাৰ মত॥ ৮৩
 কিবা ইন্দ্ৰ সূৰ্য্য শশী।
 মূৰ্ত্তি ধৰি আছা আসি॥
 ব্ৰহ্মা বিষ্ণু ত্ৰিনয়ন।
 তাসম্বাৰ একজন॥ ৮৪