পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ফালৰৱন-শয় বৰুণে পঠাইলা হয়য় শুরুষর্ণ। মনােজয়-বেগ সৱে শ্যাম-এক-কর্ণ । কুবেৰে পঠাইলা অষ্টনিধিৰ ভণ্ডাৰ। কি কহিবাে মহিমা কৃষ্ণৰ দ্বাৰকাৰ | ৫৫ দশদিগপালৰ বিভৰ আছে যত। সিবেলা সমন্তে আনি অর্পিলা কৃষ্ণত। সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে। মধুৰাৰ প্ৰজাক আনিলা যােগ-বলে ৷ ৫৬ মধুৰাক আসি ৰামে সমে আলােচিলা। সুগন্ধ পদ্মৰ মালা গলত পিন্ধিলা ॥ শুধা হাতে নগৰ-দ্বাৰৰ ভৈলা বাজ। যৱনক দেখাই চলি যাস্ত যদুৰাজ ॥ ৫৭ মাৱৰ জন্ম-কৰ্ম্ম শুনা সৱে নৰে। কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে। দুর্লভ মনুষ্য-জন্ম নকৰিয়াে বৃথা। কৰা হৰি-কীৰ্ত্তন এড়িয়া গ্রাম্য কথা ॥ ৫৮ কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি। ইহ-পৰলােকে হৰি-চৰণেসে গতি। গৈল প্রাণ প্রায় জানা যেন আছা মৰি। আন চিন্তা এড়ি ডাকি বােলা হৰি হৰি। ৫৯