পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ২] পাষণ্ডমৰ্দন ২৭ আমাৰ বোলে অপ্ৰত্যয় যাহ। একাদশ স্কন্ধ বিচাৰি চাহা॥ ২৫ বিষ্ণু-বৈষ্ণৱৰ নিন্দা শুনিয়া। মুগুচে কৰ্ণত আঙ্গুলি দিয়া। সমন্তে পুণ্য নষ্ট হোৱে তাৰ। নৰকত পড়ে নাহি নিস্তাৰ। ২৬ বিষ্ণু-বৈষ্ণৱক কৰে ধিক্কাৰ। কাটিবাক লাগে জিহাক তাৰ। শাস্তি কৰিবাক যেৱে নপাৰি। গুচিবে কাণত আঙ্গুলি গাৰি। ২৭ নিন্দা শুনি যদি তৈৰ নুগুচে। কয়েক মানে নৰকত পচে। যাইবা যদি নাই আন স্থান। তথাতে এড়িবে আপুন প্ৰাণ। ২৮ তেৱেসে হোৱে প্ৰায়চিত্ত অতি। দক্ষৰ যত কহিলা সতী। আমাৰ বোলে অপ্ৰত্যয় যাই। চতুৰ্থ স্কন্ধত বিচাৰি পাইবা॥ ২৯ পা পদ ২৭। কাটিবাক লাগে—কাটবে আন্টিয়া, কাটিৰে টানিয়া। পাৰি-মাৰি।