পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


R কীর্তন-মােৰ বােল অনেক প্রবােধ-বাক। ক্রন্দন এড়া আৰে গােপীঝাক ॥ ১৭ কিনাে তােৰ সৱে কৰিলা পুণ্য। সদায়ে গােৱা গােৱিন্দৰ গুণ। হৰিত মজিল আতি হৃদয়। কিনাে তােমাসাৰ ভাগ্য-উদয়। ১৮ হৰিৰ অৰ্থে পতি-পুত্ৰ এড়ি। কৰিলা পুজা যেন সৱে চেড়ী। জানিলাে সংসাৰ তৰিলা সুখে। বর্ণাইবাে আৰাে কত মােৰ মুখে১৯ কহিলা কৃষ্ণৰ সন্দেশ-বাক। জুড়াইল শুনি সৱে গােপীঝাক। উদ্ধত কথা সােধে দুনাই। সুখে কি আছিস্ত কৃষ্ণ গােসাঁই। ২০ আমাৰ কথা কি পড়ে মনত। যেন ক্রীড়া ভৈলা ৰাত্ৰি বনত। আউৰ কি আসিবা নন্দৰ পুৰ। কৈসানি দেখিবাে মুখ প্ৰভুৰ ॥ ২১