পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গােপী-উৰংবাদ মুহি গােকুলক স্মৰিবা কেনে। পুষ্প চুম্বি এড়ে ভ্ৰমৰা যেনে । স্ত্রীতত তেঃ পুৰুষৰ চিত্ত। বুজিলাে কৃষ্ণৰ আমি ইঙ্গিত ॥ ১৩ এড়িলা স্নেহ প্রভু সমুদায়। মধুৰা নাগৰী সুন্দৰী পাই । এহি বুলি সৱে লজ্জাক এড়ি। কান্দন্ত কৃষ্ণৰ গুণ সুমৰি।১৪ কৃষ্ণক লাগি আতি প্ৰেমভাৱে। কৃষ্ণৰ সমে গুণ-গীত গাৰে। কৃষ্ণত সৱে নিমজাইল মন। কাহাৰৰ গাৱত নাহি চেতন ॥ ১৫ উৱে গােপীৰ দেখিয়া ভাৱ। বিস্ময় হুয়া শিহৰাইলা গাৱ। নন্দৰ ব্ৰজে যত গােপীঝাক। শিৰে বন্দো তান পদ-ধুলাক। ১৬ ৰাত্রি-দিনে পাৱে হৰিচৰিত্ৰ। তিনিও লােকক কৰে পৱিত্ৰ ।