এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
co
কার্বন-যােবা
[২
ডাকিয়া পাৰে অৰক গালি।
হা কৃষ্ণ বুলি কান্দে গােৱালী ॥ ৮
দেখিলা সৱে উদ্ধৱক পাছে।
ৰূপে মনােহৰ জ্বলন্তে আছে ।
আজানুলম্বিত বাহু দুখান।
নৰ পদ্ম যেন জ্বলে লোচন ॥ ৯
গাৱে পীত বস্ত্র কর্ণে কুণ্ডল।
পদ্ম-সম শােতে মুখ-মণ্ডল।
গলত জ্বলে নৱ পদ্ম-মালা।
বিস্ময় লৈ যত গােপ-বালা। ১০
ইটো কোনজন কৃষ্ণৰ বেশ।
জোনাে আনিয়াছে কৃষ্ণ-সন্দেশ।
বিৰলে নিয়া উদ্ধৱক মাতি।
যেটিয়া বসিলা সমাজ পাতি। ১১
জানিলাে তুমি মুখ্য হৰি-দাস।
পঠাইলা পিতৃৰ মাতৃৰ পাশ
মুনিৰাে দুস্ত্যজ বন্ধুৰ স্নেহ।
জানাে আনি আছা কৃষ্ণ-সন্দেশ। ১২