এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শিবাদ
মাৱ বাপ পাই নাইলা দুনাই।
আমাক কৰিল অনাথ-প্রায়।
এহি বুলি দুয়াে কান্দ আতি।
উদ্ধৱে প্ৰবােধ বুলি মাতি। ৪
দেখিবা কৃষ্ণক নকৰা খেদ।
কৰি হৰি দুঃখ-পৰিচ্ছেদ।
উদ্ধৰ বােলে দুয়াে জুড়াইল।
কৃষ্ণৰ কথাতে ৰাত্ৰি পুহাইল ॥ ৫
গােপীগণণা আতি ব্যাকুল-চিত্ত।
গাৱে উজাগৰে কৃষ্ণৰ গীত।
কাহাৰৰ হৰি বিনা নাহি স্ব।
ওহলায়া দেখে সুৱৰ্ণৰ ৰথ ॥ ৬
কোন আসিয়াছে নন্দৰ পুৰ।
জোনাে কংস-দূত আইল অৰ।
নিলে কমল-লােচন স্বামী।
যাহাৰ বিৰহে মৰােহাে আমি । ৭
ইবাৰ কিবা মাংস নেয় কাটি।
মৰিল কংস দিবে পিণ্ড বাটি ॥