পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাদশ খণ্ড
গোপী-উদ্ধৱ-সংবাদ

ঘোষা॥ মাধৱ মধুসুদন ৰাম।
 ভকত-বৎসল কৰোঁ‌ প্ৰণাম॥ ১


পদ॥ বিৰহে আকুল গোপীক জানি।
 উদ্ধৱক মাতি বুলিলা বাণী॥
 আমাত পৰম তুমি ভকত।
 যায়ো গোকুলত চড়ি ৰথত॥ ১

 বচন-সন্দেশ গোপীত কই।
 প্ৰবোধ দিবা কতো দিন ৰই॥
 গৈলন্ত উদ্ধৱ গোপ-নগৰী।
 আদৰিলা নন্দে আতি সাদৰি॥ ২

 যশোদা কান্দন্ত কৃষ্ণক স্মৰি।
 চক্ষুৰ লোহ পড়ে সৰসৰি॥
 সোধন্ত ৰাম-মাধৱৰ কথা।
 এড়িলন্ত কৃষ্ণে আমাৰ বেথা॥ ৩