পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩৩]
৩২৭
কংস-বধ

তাসম্বাক কৃষ্ণে আশ্বাসিয়া পঠাই ঘৰ।
কৰাইলা কংসৰ প্ৰেত-কাৰ্য্য নিৰন্তৰ॥
অনন্তৰে ভগৱন্ত ভকতৰ গতি।
পাতিলন্ত নিয়া উগ্ৰসেনকে নৃপতি॥ ৪৩১
ছোড়িলা বন্ধন হৰি পিতৃৰ মাতৃৰ।
কৰিলা বন্দন দুইকো পাৱে ছুয়া শিৰ॥
ভকত-বৎসল হৰি লোকত দেখাই।
বোলা হৰি হৰি তৰা পাতক খেদাই॥ ৪৩২

 

কংস-বধ সমাপ্ত॥ ২১ খ