পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-খােবা I >> জগতৰ ভৰত মৰিল কংসৰায়। চুলে ধৰি সমাজত ফুৰাইল ঘষাই। হস্তীক আঝােৰে যেনমতে সিংহৰাজে। দেখি হাহাকাৰ কৰে সকল সমাজে ॥ ৪২৬ পিয়ন্তে বােলন্তে সিটো পথত ভ্রমন্তে। নিশ্বাস কান্তে নিশা শয়ন কৰন্তে । ভয়তে আগতে দেখে কৃষ্ণক সদায়। সিহেতু কৃষ্ণৰ ৰূপ পাইলা কংসৰায় ৷ ৪২৭ কংস আদি কৰিয়া কংসৰ আঠ ভাই। ভাইৰ মান সাৰৰ বুলি ক্রোধে গৈল ধাই । পৰিঘে মাৰিলা কোবাই ৰঙ্গে হলধৰে। পূৰ্বত পশুক যেন মাৰিলা শঙ্কৰে । ৪২৮ আকাশক ছানি বাৱে দেৱৰ দুন্দুভি। ব্রহ্মা আদি দেৱে পুষ্প বৰিযে সুৰভি । বুলিল প্রশংসা-বাণী আকাশৰপৰা। উৎসৱে নাচিল কাছি মুখ্য অপেৰা ॥ ৪২৯ ৰাজ-নাৰী নিৰন্তৰে বুঝাইলা কান্তে। হা স্বামী বুলি আতি হিয়া ধান্ধুৰন্তে ৷ স্বকী স্বকী স্বামীক আলিব্দি কান্দে ধৰি। নয়নৰ লােতক ধাৰায়ে পড়ে ঋৰি ৷৷ ৪৩০