এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩০]
৩১৫
কংস-বধ
মালে বোলে কিনো বজ্ৰময় কলেৱৰ।
অন্যো জনে বোলে এহেন্তেসে নৰবৰ॥ ৩৭৫
নাৰীগণে বোলে মূৰ্ত্তি ধৰিছা মদনে।
আমাৰেসে বন্ধু বুলি মানে গোপগণে॥
আমাৰেসে শান্তা বোলে দুষ্ট ৰাজাচয়।
বসুদেৱ-দৈৱকীও বোলয় তনয়॥ ৩৭৬
কংসে বোলে এহি কৃষ্ণ অস্তক আমাৰ।
অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ॥
যোগীগণে বোলে এহেন্তেসে ব্ৰহ্ম-তত্ত্ব।
বৃষ্ণি-বংশে বোলে এন্তে কুলৰ দৈৱত॥ ৩৭৭
ধৰি মল্ল-বেশ পিন্ধি ৰত্ন আভৰণ।
বঙ্গ মধ্যে প্ৰকাশন্ত ৰাম–নাৰায়ণ॥
কাছিয়া আছন্ত যেন নট দুই প্ৰায়।
নভৈল তৃপিতি লোক দুইৰো ৰূপ চাই॥ ৩৭৮
নয়নে পিৱয় যেন চেলেকে জিহ্বায়ে।
বাহুৱে আলিঙ্গে যেন শুঙ্গে নাসিকায়ে॥
অন্যে-অন্যে বোলে যেন কথা আছো শুনি।
সেহিতো কৃষ্ণক দেখো নয়নে আপুনি॥ ৩৭৯
নাৰায়ণ-অংশ দুয়ো জানিবা সাক্ষাত।
বসুদেৱ-গৃহে দৈৱকীত ভৈল জাত॥